চাপৰত বিজেপি কৰ্মীৰ অৱস্থান ধৰ্মঘট - পূৱ বিলাসীপাৰা
🎬 Watch Now: Feature Video
পশ্চিম বংগৰ ৰাজনৈতিক হিংসাৰ ঘটনাই এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । উক্ত ঘটনাৰ বিৰুদ্ধে বুধবাৰে পূৱ বিলাসীপাৰাৰ চাপৰত ভাৰতীয় জনতা পাৰ্টীৰ চমুকৈ বিজেপিৰ টাউন মণ্ডলৰ কমিটীৰ কৰ্মী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ পশ্চিম বংগত সংঘটিত ৰাজনৈতিক হিংসাত্মক ঘটনাৰ বলি হৈ ইতিমধ্যে পশ্চিমবংগৰ পৰা বহু লোক অসমত উপস্থিত হৈছে ৷ 2021 বৰ্ষৰ বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা দলক ভোট দিয়াৰ বাবেই তৃণমূল কংগ্ৰেছৰ কৰ্মী সকলে অত্যাচাৰ চলোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে পশ্চিম বংগৰ পৰা অসমত উপস্থিত হোৱা লোক সকলে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই সমগ্ৰ ৰাজ্যৰ লগতে পূৱ বিলাসীপাৰাৰ চাপৰতো তীব্ৰ প্ৰতিক্ৰিয়ৰ সৃষ্টি হৈছে ৷ অতি শীঘ্ৰে পশ্চিমবংগত মমতা বেনাৰ্জীৰ শাসন ওফৰাই ৰাষ্ট্ৰপতি শাসনৰ পোষকতা কৰিছে প্ৰতিবাদকাৰী সকলে ৷