thumbnail

By

Published : Mar 23, 2021, 10:58 PM IST

ETV Bharat / Videos

কংগ্ৰেছৰ 5 টা গেৰাণ্টিৰ বিপৰীতে বিজেপিৰ 10 টা সংকল্প

ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টাৰে মঙলবাৰে মহানগৰী গুৱাহাটীস্থিত তাজ ভিভাণ্টাত বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ সংকল্প পত্ৰ ৷ কংগ্ৰেছৰ 5 টা গেৰাণ্টিৰ বিপৰীতে বিজেপিয়ে প্ৰকাশ কৰিলে 10 টা সংকল্প ৷ 10 টা সংকল্পৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, নৰেন্দ্ৰ সিং টোমৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ লগতে বিজেপিৰ বহু শীৰ্ষ নেতা ৷ সংকল্প পত্ৰ মুকলি কৰিয়েই অসমৰ সংস্কৃতি-সভ্যতা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যখনৰ গতিশীল উন্নয়নক আৰু অধিক আগুৱাই নিয়াৰ বাবে বিজেপি সাজু বুলিও ক'লে নাড্ডাই ৷ পিছে কি আছে বিজেপিৰ এই সংকল্প পত্ৰত ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.