নিৰ্বাচনী প্ৰচাৰ: টিংখাঙত ঝুমুৰ নৃত্য কৰাত ব্যস্ত বিমল বৰা - দেওবাৰে
🎬 Watch Now: Feature Video
'আমাৰ খেল শেষ হৈছে, আমি এতিয়া স্ফূৰ্তি কৰিম' ৷ ডিব্ৰুগড়ৰ টিংখাঙত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লৈ এই মন্তব্য কৰিলে বিজেপিৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ টিংখাঙৰ প্ৰাৰ্থী বিমল বৰাই । ভোটাৰক আকৃষ্ট কৰাৰ বাবে এতিয়া ন ন কৌশলেৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে প্ৰাৰ্থীসকলে । সমান্তৰালকৈ ডিব্ৰুগড়ৰ টিংখাঙতো প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বিমল বৰাই । দেওবাৰে চাহ শ্ৰমিকৰ সৈতে ঝুমুৰ নাচি নাচি প্ৰচাৰ চলালে বিজেপিৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে । 'খেলা হবে' ডাইলগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাৰ্থী গৰাকীয়ে চাহ শ্ৰমিকসকলৰ কথিত ভাষাতে কয় যে, 'আমি এতিয়া স্ফূৰ্তি কৰবে, ঝুমুৰ নাচবে' । চাহ শ্ৰমিকৰ মন জয় কৰাৰ লক্ষ্যৰে তেওঁলোকৰ সৈতে আনন্দ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় বিমল বৰাই ।