thumbnail

By

Published : Apr 13, 2021, 9:45 PM IST

ETV Bharat / Videos

মৰাণৰ জীয়াৰী-বোৱাৰী এতিয়া আখলত ব্যস্ত

ৰাজ্যৰ চৌদিশে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । সেই একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে মৰাণতো । মৰাণ আৰু খোৱাঙৰ বিভিন্ন গ্ৰামাঞ্চলত এতিয়া কেৱল শুনিবলৈ পোৱা গৈছে ঢোল আৰু ঢেঁ‌কীৰ শব্দ । গাঁৱসমূহত পুৰুষ-মহিলা আৰু কণ-কণ ল'ৰা-ছোৱালীবোৰে পৃথকে পৃথকে বিহুৰ আখৰাত ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ ঢেঁ‌কীশালত জীয়াৰী-বোৱাৰীসকলে চিৰা-পিঠা খুন্দাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । কোনো কোনোৱে আকৌ ঢেঁ‌কী চাপৰ মাজে-মাজে বিহুগীতৰ কলি গুণগুণাই আনন্দত আত্মহাৰা হৈ পৰিছে । ইফালে জুইশালত নানা ধৰণৰ পিঠা বনাই আলহীক শুশ্ৰূষা কৰিবলৈ সাজু হৈছে পৰিয়ালৰ মহিলাসকল । মুঠৰ ওপৰত ৰঙালীক আদৰিবলৈ সাজু হৈ আছে মৰাণৰ ৰাইজ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.