SoP শিথিল নকৰিলে আন্দোলনৰ হুংকাৰ বিহু উদযাপন সমিতিৰ - assam Bihu
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11377027-thumbnail-3x2-morioni.jpg)
অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ চৰকাৰে বান্ধি দিয়া নিয়ম-নীতিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মৰিয়নীৰ বিহু উদযাপন সমিতিসমূহে । সোমবাৰে মৰিয়নীৰ কিংশুক সংস্কৃতি চ’ৰাত বৃহত্তৰ মৰিয়নীত অনুষ্ঠিত হোৱা দহখন বিহু সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি এই SOP খনৰ বিৰোধিতা কৰে । সংবাদমেলত বিহু উদযাপনৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰাৰ দাবী জনাই সমিতিসমূহে ৷ তদুপৰি এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰো হুংকাৰ প্ৰদান কৰে বিহু সমিতিসমূহে ৷