জম্মু-কাশ্মীৰক ন্যায় প্ৰদানত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদান অন্যতম : দিলীপ শইকীয়া

By

Published : Jun 23, 2021, 8:34 PM IST

thumbnail
ভাৰতবৰ্ষৰ একতা আৰু সাৰ্বভৌমত্বৰ হকে বলিদান আগবঢ়োৱা ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু তিথি উপলক্ষে আজি 'বলিদান দিৱস' পালন কৰে বিজেপিয়ে ৷ নলবাৰী জিলাৰ বাঁহজানীত আয়োজন কৰা বলিদান দিৱসত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া ৷ 'বলিদান দিৱস' ৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত এক ভাৰত, এক সংবিধানৰ দাবী কৰা শ্যামা প্ৰসাদ মুখাৰ্জীৰ কৰ্মৰাজিৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক দিলীপ শইকীয়াই ৷ উক্ত সভাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শইকীয়াই কয়, পৰৱৰ্তী এমাহ-দুমাহৰ ভিতৰত সলনি হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি ৷ তদুপৰি উপ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, ৪ টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ উপৰিও মাজুলীতো উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.