বাক্সাৰ শিমলাত বিনামূলীয়া মাস্ক বিতৰণ

By

Published : May 3, 2021, 9:24 PM IST

thumbnail

সমগ্ৰ দেশৰ লগতে অসমতে ক’ভিড-১৯ এ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ইফালে ক’ভিড-১৯ ৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ ক’ভিডৰ পৰা সমাজখনক সুৰক্ষিত ৰাখিবলৈ সজাগতা অভিযান আৰম্ভ কৰিছে বাক্সাৰ শিমলা সাপ্তাহিক বজাৰ সমিতি আৰু শিমলা গাঁও উন্নয়ন সমিতিয়ে । সোমবাৰে সমিতিৰ সদস্যসকলে শিমলা সাপ্তাহিক বজাৰলৈ অহা প্ৰতিগৰাকী ব্যক্তিকে হাত চেনিটাইজ কৰি সমিতিৰ তৰফৰ পৰা একোখনকৈ মাস্ক বিতৰণ কৰে । মহামাৰীৰ সংকটকালত গণ সংক্ৰমণ ৰোধ কৰিবলৈ আৰু ক'ভিড-১৯ সম্পৰ্কত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাস্ক বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয় । সকলোকে মাস্ক পিন্ধি হাত দুখন চেনিটাইজ কৰি নিজৰ লগতে সকলোকে সুৰক্ষিত ৰখাৰ বাবে অনুৰোধ জনায় সমিতিৰ সদস্যসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.