বৰপেটাৰোডত SSBৰ উদ্যোগত “ আজাদী কা অমৃত মহোৎসৱ“ উদযাপন - শিমলাগুড়ী চ’ক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12765781-thumbnail-3x2-aaaaaaaa.jpg)
SSBৰ ২৭ বেটেলিয়ন, গুৱাগাছাৰ উদ্যোগত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শুকুৰবাৰে, “ আজাদী কা অমৃত মহোৎসৱ” উদযাপন কৰা হয় ৷ এই উপলক্ষে শুকুৰবাৰে এটি চাইকেল ৰেলী উলিওৱা হয় ৷ এই চাইকেল ৰেলী উলিওৱা উপলক্ষে বৰপেটাৰোডৰ শিমলাগুড়ী চ’কত আয়োজিত এক অনুষ্ঠানত কমাণ্ডডেন্ট অভিষেক আনন্দই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰে ৷ লগতে এই চাইকেল ৰেলীৰ জৰিয়তে ফিট ইণ্ডিয়া কাৰ্যক্ৰম, বেটী পঢ়াও বেটী বচাও, স্বচ্ছ ভাৰত অভিযান আদিৰ ব্যাপক প্ৰচাৰ আৰু সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা চলাইছে ।