সম্পাদনা কক্ষত নতুন অসমীয়া ছবি ‘দাদা তুমি দুষ্ট বৰ’ - অসমীয়া চলচ্চিত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 12, 2021, 2:17 PM IST

ক’ৰণা ত্ৰাসৰ মাজতে নিৰ্মীয়মান অৱস্থাত আছে বহুকেইখন অসমীয়া চলচ্চিত্ৰ । ইতিমধ্যে সম্পাদনা কক্ষত আছে পূৰ্ণদৈৰ্ঘৰ অসমীয়া ছবি ‘দাদা তুমি দুষ্ট বৰ’ ৷ এই হাস্যমধুৰ ৰোমাণ্টিক ছবিখন পৰিচালনা কৰিছে পৰিচালক সমীৰ বুঢ়াগোঁহাইয়ে, প্ৰযোজকদ্বয় ক্ৰমে, কে এম ৰহমান আৰু পংকজ মহন্ত । পৰিচালক সমীৰ বুঢ়াগোঁহাইৰ কাহিনী চিত্ৰনাট্যৰে নিৰ্মিত ছবিখনৰ সংগীত ব্যৱস্থাপনা কৰিছে আলাপ দুদুল শইকীয়াই আৰু সম্পাদনা কৰিছে অসীম শৰ্মাই । ছবিখনৰ চিত্ৰগ্ৰহণকাৰী হৈছে কৃষ্ণ শ্বাহ আৰু সুৰুজ ডেকা । আগন্তুক শাৰদীয় বতৰত মুক্তিলাভ কৰিবলগীয়া ছবিখনত অভিনয় কৰিছে ক্ৰমে- কিশোৰ দাস, জ্যোতি ভূঞা, পদ্মৰাগ গোস্বামী, অৰূপ বৰা, পংকজ ইংতি, দেৱানন্দন শইকীয়া, অলিস্মিতা গোস্বামী, ৰেবা ফুকন, সুৰভি দাস, তনভী শৰ্মাৰ লগতে বহু ন-পুৰণি শিল্পীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.