ধুতী-গেঞ্জী পিন্ধি খেলপথাৰত নামিল পঞ্চাশৰ উৰ্ধৰ খেলুৱৈ - ধুতী গেঞ্জী পিন্ধি খেলপথাৰত পঞ্চাশৰ উৰ্ধৰ খেলুৱৈ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14215928-thumbnail-3x2-football.jpg)
ধুতী গেঞ্জী পিন্ধি এইবাৰ খেলপথাৰত নামিল পঞ্চাশৰ উৰ্ধৰ খেলুৱৈ(Players above fifty on the field) ৷ সোণাৰিৰ নাফুকত মাঘ বিহু উপলক্ষে অনুষ্ঠিত হোৱা ভোগালীৰ খেল-ধেমালি অনুষ্ঠানত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ (Unique football competition held in Sonari)। সোমবাৰে নাফুক সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ফুটবল খেলা দেখা গ'ল কেইবাজনো পঞ্চাশৰ উৰ্ধৰ খেলুৱৈক ৷ স্থানীয় অঞ্চলবাসীৰ মাজত সম্প্ৰীতিৰ বান্ধোন অটুত ৰখাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠান । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাত ধুতি-গেঞ্জী পিন্ধিয়েই খেলপথাৰত নামে একাংশ পঞ্চাশৰ উৰ্ধৰ খেলুৱৈ । ইফালে এই খেলত বিজয়ী দলটোলৈ আয়োজক সকলে আগবঢ়াই পাঁচ কিলো গাহৰি মাংস আৰু দেওৰস । এই প্ৰতিযোগিতাই যথেষ্ট আমোদ দিয়ে দৰ্শকসকলক ।