গোলাঘাটৰ 96 বছৰীয়া ককাই জয় কৰিলে ক’ভিডক

By

Published : Jul 13, 2021, 9:06 PM IST

thumbnail
গোলাঘাটত এগৰাকী ৯৬ বছৰীয়া বৃদ্ধ‌ই ক’ভিডক জয় কৰি আশাৰ সঞ্চাৰ কৰিছে ৷ ব্যাপকভাৱে সংঘটিত ক’ভিড সংক্ৰমণৰ ঘটনাৰ বাবে গোলাঘাট জিলাতো উদ্বেগজনক ক’ভিড পৰিস্থিতিৰ সৃষ্টি হৈছে । সমগ্ৰ জিলাখনত সম্পূৰ্ণ কন্টেইমেন্ট জ’ন(containment zone)ৰ লগতে জিলা প্ৰশাসনে(district administration) নিজাববীয়াকৈ জাৰী কৰিছে দুদিনীয়া লকডাউন(lock down)ৰ নিৰ্দেশনা । কিন্তু , এনে সময়তে এগৰাকী ৯৬ বছৰীয়া বৃদ্ধ‌ই ক’ভিডক জয় কৰি সমগ্ৰ ৰাজ্যবাসীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে । গোলাঘাটৰ ইছলামপট্টিৰ নিৱাসী ৯৬ বছৰীয়া ৱাজুল হক নামৰ বৃদ্ধ গৰাকীয়ে কেৱলমাত্ৰ ৯ দিনৰ ভিতৰতে জয় কৰিলে ক’ভিডক। জানিব পৰা মতে, মঙলবাৰে গোলাঘাটৰ ক’ভিড হাস্পতালৰ পৰা ক’ভিড জয় কৰি ঘৰমুৱা হোৱা ৱাজুল হক এতিয়া সুস্থ অৱস্থাত আছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.