আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস - শংকৰী সংগীত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13298620-thumbnail-3x2-hhhhshshhshhs.jpg)
কাকীৰ "ডেকাগিৰি সমন্বয় ক্ষেত্ৰত" দুদিনীয়াকৈ আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী উৎসৱ । ইতিমধ্যে সমন্বয় ক্ষেত্ৰত মূল তোৰণ, গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন, শিবিৰ মুকলি হোৱাৰ লগতে মূল মণ্ডপত আৰম্ভ হৈছে আলোচনা চক্ৰ । আলোচনা সভাৰ পাছতে অনুষ্ঠিত হ'ব কেন্দ্ৰীয় সেৱাবাহিনীৰ ন-পুৰণি সেৱক-সেৱিকাৰ অন্তৰংগ আলাপ । আনহাতে নিশালৈ শংকৰী সংগীত ৰত্ন গোলাপ মহন্ত সোঁৱৰণী মঞ্চত অনুষ্ঠিত হ'ব শংকৰী সংগীত আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ।