NLFB Militants Surrender: শোণিতপুৰত ৬ NLFB উগ্ৰপন্থীৰ আত্মসমৰ্পণ - নেচেনল ডেমক্ৰেটিক ফ্ৰণ্ট অব্ বড়োলেণ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14947328-thumbnail-3x2-djhd.jpg)
শোণিতপুৰত 6 জন দুধৰ্ষ NLFB সদস্যৰ আত্মসমৰ্পণ (NLFB militants surrendered in Sonitpur) ৷ বুধবাৰে চাৰিদুৱাৰ আৰক্ষীৰ ওচৰত অস্ত্ৰসহ আত্মসমৰ্পণ নতুনকৈ গঠন হোৱা উগ্ৰপন্থী সংগঠনটোৰ 6 জন সদস্যই ৷ নেচেনল ডেমক্ৰেটিক ফ্ৰণ্ট অব্ বড়োলেণ্ড চমুকৈ এন ডি এফ বিৰ পৰা ওলাই অহা একাংশ সদস্যই নেচেনল লিবাৰেচন ফ্ৰণ্ট অব্ বড়োলেণ্ড হিচাপে গঠন কৰা সশস্ত্ৰ সংগঠনটোৰ ১২ জনীয়া এটা দলে বাহিৰ পাতিছিল শোণিতপুৰ জিলাত ৷ ইয়াৰে ৬ জন সদস্যই বুধবাৰে আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণ কৰা দলটোৰ পৰা এটা AK 56 ৰাইফল, এটা মেগজিন, কেইবা ৰাউণ্ড সজীৱ গুলী, ২ টা হস্ত নিৰ্মিত পিষ্টল, সজীৱ গ্ৰেণেড, ২ খন খুকুৰী, ৭ টা মোবাইল ফোন আৰু এখন বাইক আৰক্ষীয়ে লাভ কৰে ৷
Last Updated : Feb 3, 2023, 8:22 PM IST
TAGGED:
NLFB Militants Surrender