হেলমেট পৰিধান নকৰাৰ বাবে যান-বাহন শাখাৰ আৰক্ষীৰ ৰোষত পৰিল বিবেক ওবেৰয় - হেলমেট পৰিধান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10703158-973-10703158-1613807733858.jpg)
ট্ৰাফিক নিয়মৰ উলংঘনৰ বাবে জৰিমনাৰ সন্মুখীন হ’ল অভিনেতা বিবেক ওবেৰয় । হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱাৰ বাবেই তেওঁক জৰিমনা বিহা হৈছে বুলি জানিব পৰা গৈছে । বিবেক ওবেৰয়ে নিজেই ১৪ ফেব্ৰুৱাৰীত তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত তেওঁ হেলমেট অবিহনে বাইক চলাই আছিল ৷ ইয়াৰ পিছতে আইপিচিৰ ১৮৮ ধাৰাত অভিনেতা বিবেক ওবেৰয়ৰ ওপৰত মুম্বাই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে । ইপিনে ২৬৯, মটৰ বাহন আইনৰ ধাৰা ১২৯, ১৭৭ আৰু শৈক্ষিক আইনৰ ধাৰাৰ অধীনত এই গোচৰটো জুহু আৰক্ষীয়ে পঞ্জীয়ন কৰিছে ৷