চাবুৱা গ্ৰন্থমেলাত কোটি টকাৰ গ্ৰন্থ বিক্ৰী: সৰ্বাধিক বিক্ৰী হ’ল 'পৰেশ বৰুৱাৰ সন্ধানত' - পৰেশ বৰুৱাৰ সন্ধানত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14553555-941-14553555-1645682947911.jpg)
চাহ নগৰীৰূপে পৰিচিত ডিব্ৰুগড়ৰ চাবুৱাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল এইবাৰ চাবুৱা গ্ৰন্থমেলা (Chabua book fair) । পিছে এই গ্ৰন্থমেলাই লৈ অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ লৈ আহিল আশাৰ বতৰা ৷ এখন সৰু চহৰ হোৱা স্বত্তেও চাবুৱাত আয়োজন হোৱা গ্ৰন্থ মেলাত এক কোটি টকাৰ অধিক মূল্যৰ কিতাপ বিক্ৰী হোৱাৰ ঘটনাই সৃষ্টি কৰিলে অভিলেখ (Record sell in Chabua book fair) ৷ স্বাভাৱিকতে গ্ৰন্থমেলাখনৰ এই সফলতাত উৎসাহী হৈ পৰা দেখা গ’ল চাবুৱাৰ সাধাৰণ ৰাইজৰ লগতে বিধায়ক পোনাকণ বৰুৱাক ৷ চাবুৱাত গ্ৰন্থৰ বিপ্লৱ হোৱাৰ কথা কৈ গ্ৰন্থপ্ৰেমী ৰাইজে সকলো কিতাপৰ লগতে ৰাজীৱ ভট্টাচার্যৰ 'পৰেশ বৰুৱাৰ সন্ধানত' গ্ৰন্থখন সৰ্বাধিক আদৰি লোৱা বুলিও সদৰি কৰে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST