Encounter in Charaideo : সোণাৰিৰ এনকাউণ্টাৰ সন্দৰ্ভত সংবাদমেল
🎬 Watch Now: Feature Video
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ (Assam Police Encounter) । এইবাৰ অসম আৰক্ষীৰ বন্দুক গৰজিল চৰাইদেউৰ সোণাৰিত (Assam police Encounter in Charaideo) ৷ অসম আৰক্ষীৰ গুলীত আহত হয় সুৰজ গগৈ নামৰ এজন লোক । বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা সোণাৰিৰ এই এনকাউণ্টাৰ সন্দৰ্ভত চৰাইদেউ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এখন সংবাদমেল অনুষ্ঠিত কৰে (Charaideo SP on encounter) ৷ সংবাদমেলত আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কয়, গুলিবিদ্ধ সুৰজ গগৈ আলফা(স্বা)ৰ সদস্য ভৰ্তি অভিযানত জড়িত আছিল । আলফা(স্বা)ৰ সদস্য ভৰ্তি অভিযানত জড়িত থকাৰ সন্দেহত আছাম ৰাইফলছ আৰু অসম আৰক্ষীয়ে বৃহস্পতিবাৰে সোণাৰিৰ চেনীগুদাম অঞ্চলৰ পৰা আটক কৰিছিল অভিযুক্ত সুৰজ গগৈক । শিৱসাগৰ জিলাৰ বেতবাৰী তামুলী বজাৰ চাংমাই গাঁৱৰ গুলিবিদ্ধ যুৱকজন সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।
Last Updated : Feb 3, 2023, 8:18 PM IST