Zubeen Garg hospitalized : চিন্তাৰ কাৰণ নাই বুলি জনালে চিকিৎসকে

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ (Zubin Garg admitted to Sanjeevani Hospital in Dibrugarh)। বাথৰুমত পিছলি পৰি মূৰত আঘাত পাইছিল জুবিন গাৰ্গে । সম্প্ৰতি বিপদমুক্ত শিল্পীগৰাকী । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছে । উল্লেখ্য যে জোনাইত সংগীতানুষ্ঠানৰ পিছত ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টত আছিল শিল্পীগৰাকী । কিন্তু ৰিজৰ্টত থকা সময়তে বাথৰুমত পিছলি পৰি তেওঁ আঘাতপ্ৰাপ্ত হয় । লগে লগে জুবিন গাৰ্গক ভৰ্তি কৰোৱা হয় সঞ্জীৱনী হাস্পতালত (Zubeen Garg hospitalized in Dibrugarh)। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই বুলি জানিবলৈ দিছে চিকিৎসকে । জানিব পৰা মতে জুবিন গাৰ্গৰ মূৰত পাঁচটাকৈ চিলাই পৰিছে । সম্প্ৰতি হাস্পতালখনৰ ICU ত ভৰ্তি শিল্পীগৰাকী । প্ৰয়োজনত উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব চৰকাৰে । জুবিন গাৰ্গৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে উপায়ুক্তক ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.