Jonai News: ৰাজাখানা পঞ্চায়ত কাৰ্যালয় ভাঙিলে যুৱকে - মুৰ্কংচেলেক উন্নয়ন খণ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-09-2023/640-480-19421610-thumbnail-16x9-jonai-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 3, 2023, 4:46 PM IST
জোনাই, ৩ ছেপ্টেম্বৰ: মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাজাখানা গাঁও পঞ্চায়তৰ ২৪ খন খিৰকি আজি পুৱা এজন যুৱকে শিলগুটিৰে ভাঙি চুৰ-মাৰ কৰে । উল্লেখ্য যে জোনবৰ গাঁৱৰ অজিত পেগুৰ পুত্র পুলিন পেগুৱে পুৱা ৰাজাখানা গাঁও পঞ্চায়তত প্ৰবেশ কৰি এফালৰ পৰা এখন এখনকৈ ২৪ খন খিৰকি ভাঙি পেলায় । স্থানীয় ৰাইজে প্ৰত্য়ক্ষ কৰি প্ৰতিৰোধৰ বাবে চেষ্টা কৰে যদিও যুৱকজন মানসিকভাৱে ভাৰসাম্য়হীন হোৱাৰ ফলত কোনেও প্ৰতিৰোধ কৰিব নোৱাৰিলে বুলি সদৰী কৰে স্থানীয় ৰাইজে ।
ইফালে,পঞ্চায়তখনৰ এনে অৱস্থা দেখি সভাপতি আৰু সম্পাদকে মূৰে কপালে হাত দিছে । নতুনকৈ নিৰ্মাণ কৰা পঞ্চায়ত কাৰ্যালয়টো সম্পূর্ণভাৱে নিৰ্মাণ কৰি ৰাইজক প্ৰদান কৰিছিল । কিন্তু মানসিকভাৱে ভাৰসাম্য়হীন পুলিন পেগুৱে এনেদৰে ভাঙি চুৰ-মাৰ কৰি পেলোৱাক লৈ স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰিছে । পিছত পঞ্চায়ত কৰ্তৃপক্ষই জোনাই আৰক্ষী থানাত পুলিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।