thumbnail

By

Published : Aug 22, 2023, 3:26 PM IST

ETV Bharat / Videos

Mahindra Thar: কৰিমগঞ্জত বিলাসী মহিন্দ্ৰা থাৰেৰে হাল বালে যুৱকে

কৰিমগঞ্জ,22 আগষ্ট: অসমৰ পথাৰত আজৱ দৃশ্য ৷ গৰু, ম’হ অথবা টেক্টৰ নহয় ৷ কৰিমগঞ্জত পথাৰত নামিল বিলাসী বাহন ৷ পাঞ্জাব,হাৰিয়ানাৰ পথাৰতো দেখা নোপোৱা এক দৃশ্য ৷ হাল বোৱাত ব্যস্ত বিলাসী বাহনখনেৰে ৷ ট্ৰেক্টৰ নহয়, পথাৰত মহেন্দ্ৰ থাৰৰে হাল বালে এজন যুৱকে ৷ 20 লাখ টকীয়া মহিন্দ্ৰা থাৰেৰে হাল বোৱা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছে ৷  

গৰু, ম’হ অথবা টেক্টৰ নহয় এইবাৰ পথাৰত হাল বোৱাত ব্যৱহাৰ বিলাসী মহিন্দ্ৰা থাৰ । অভিনৱ কাৰ্যৰে চৰ্চিত যুৱকজন হৈছে কালাইন অঞ্চলৰ বাসিন্দা চাকিল আহমেদ  ৷ চাকিলৰ দীৰ্ঘদিনৰ সপোন আছিল এখন মহিন্দ্ৰা থাৰ বাহন ক্ৰয় কৰা । সপোনৰ বাহনখন ক্ৰয় কৰি প্ৰথমেই হাল বোৱাত ব্যৱহাৰ কৰিলে চাকিল আহমদে । চাকিলে এনে কৰাৰ আঁৰত আছে আন এক কাহিনী ৷  

জানিব পৰা মতে চাকিলে এজন বন্ধুৰ পৰা মহিন্দ্ৰা থাৰখন চলাবলৈ বিচাৰিছিল ৷ কিন্তু বন্ধুজনে চাকিলক মহিন্দ্ৰা থাৰখন দিয়া নাছিল ৷ সেই প্ৰতিশোধতে যোৱা শনিবাৰে চাকিলে নতুন মহিন্দ্ৰা থাৰ বাহন ক্ৰয় কৰে । শ্ব’ৰুমৰ পৰা বাহনখন আনি প্ৰথমেই হাল বাই চাকিলে আৰু তেওঁৰ এই হাল বোৱাৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷

লগতে পঢ়ক:Phensedyl Seized in Karimganj : কৰিমগঞ্জৰ চুৰাইবাৰীত জব্দ 50 লাখ টকাৰ ফেন্সিডাইল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.