thumbnail

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ

By

Published : Aug 19, 2022, 9:37 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ডিব্ৰুগড়ত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন ৷ নদীত গা ধুবলৈ গৈ সন্ধানহীন হ'ল এটি কিশোৰ (Youth missing while bathing in Brahmaputra)। ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত শুকুৰবাৰে আবেলি গা ধুই থকা অৱস্থাত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিয়ে কানহায়া বাচফৰ নামৰ ১২ বছৰীয়া কিশোৰটিক ৷ চহৰখনৰ শান্তিপাৰা চেকেণ্ড লাইনৰ বাসিন্দা অশোক বাচফৰৰ পুত্ৰ আছিল কানহায়া ৷ উল্লেখ্য যে, কানহায়াই 5 জন বন্ধুৰ লগত নদীত গা ধুবলৈ গৈছিল ৷ বন্ধুকেইজন ক্ৰমে কৃষ্ণা বাচফৰ, ৰহন বাচফৰ, গুলু বাচফৰ, জন বাচফৰ আৰু সমীৰ বাচফৰ ৷ আটাইকেইজনকে নদীৰ কোবাল সোঁতে উটুৱাই নিব খোজোতে স্থানীয় এজন যুৱকে কৃষ্ণা বাচফৰ, ৰহন বাচফৰ আৰু গুলু বাচফৰক প্ৰাণ ৰক্ষা কৰে যদিও নদীৰ কোবাল সোঁতে কানহায়া বাচফৰক উটুৱাই নিয়ে ৷ ইয়াৰ পিছতে কানহায়া বাচফৰক বিচাৰি এছ ডি আৰ এফে অভিযান আৰম্ভ কৰিছে যদিও উদ্ধাৰ কৰিব পৰা নাই কিশোৰটিক ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.