Youth dies drugs overdose: অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত এজন যুৱকৰ মৃত্যু - ড্ৰাগছৰ অবাধ প্ৰচলন
🎬 Watch Now: Feature Video
Published : Aug 29, 2023, 8:33 PM IST
তিনিচুকীয়া, ২৯ আগষ্ট : তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমামূৰীয়া বৰডুমচা অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন অব্যাহত আছে। এইবাৰ অত্যাধিক ড্ৰাগচ সেৱন কৰি এগৰাকী কম বয়সীয়া যুৱকৰ মৃত্যু হোৱা খবৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, সোমবাৰে তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং কুজুপথাৰ গাঁৱৰ নিবাসী ভৰত গোহাঁইৰ পুত্ৰ জয়মন গোহাঁইৰ অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হয়। পৰিয়ালৰ অভিযোগ অনুসৰি মৃত যুৱকজনে পুতুল চেতিয়াৰ লগত ড্ৰাগছ সেৱন কৰি থকাৰ অৱস্থাত অত্যাধিক ড্ৰাগচ সেৱন কৰাৰ ফলত মৃত্যু মুখত পৰে।
কিন্তু পুতুল চেতিয়াই ঘটনাটোক গাপ দিয়াৰ চেষ্টাৰে মিছা প্ৰলোভন দি মৃত্যু হোৱাৰ পাচতো যুৱকজন জীয়াই আছে বুলি যুৱকজনৰ পৰিয়ালক জানিবলৈ দিয়ে। পিচত পৰিয়ালৰ লোকে যুৱকজনক চাব বিচৰাত তেতিয়াই এখন চাহ বাগিচাৰ পাচফালে থকা বননিৰ মাজত পৰি থকা অৱস্থাত মৃতদেহটো দেখুৱাই দিয়ে।
যুৱকজনৰ মৃত্যু হোৱাৰ পিচতো কিয় চাহ বাগিচাৰ বননিত পুতুল চেতিয়াই লুকুৱাই ৰাখিছিল সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন হৈছে, এই ঘটনাৰ আঁৰৰ ৰহস্য তদন্ত কৰিবলৈ মৃত যুৱকজনৰ পৰিয়ালৰ লোকে প্ৰশাসনক আহ্বান জনাইছে। প্ৰশাসনে উচিত তদন্ত কৰি পৰিয়ালক ন্যায় দিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে।
লগতে পঢ়ক: Jharkhand accident: কেইবাজনো লোকক মহতিয়াই নিলে এখন বাহনে, থিতাতে নিহত ৩ জন