Youth Congress Rally : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দৰং জিলা যুৱ কংগ্ৰেছৰ বিশাল ৰেলী - youth Congress Rally in Mangaldoi
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-11-2023/640-480-19958741-thumbnail-16x9-mrito22255.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 6, 2023, 8:04 PM IST
মঙলদৈ, 6 নৱেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সোমবাৰে মঙলদৈত দৰং যুৱ কংগ্ৰেছে বিশাল ৰেলী উলিয়াই ৷ যুৱ কংগ্ৰেছৰ কৰ্মীয়ে কঁপালে মঙলদৈ চহৰ। দৰং জিলাৰ ৰাজীৱ ভৱনৰ পৰা জিলা যুৱ কংগ্ৰেছে এক বিশাল ৰেলীৰে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰনশিঙা বজায়। ৰেলীত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা প্ৰানজিৎ চৌধুৰী আগন্তুক লোকসভা নিৰ্বাচনত ছত্তীশগড় বা মিজোৰামেই নহয় কংগ্ৰেছে প্ৰতিখন আসনেই জিকিব বুলি মন্তব্য প্ৰকাশ কৰে ৷
এই য়ুথ জোড়ো যাত্ৰা 7 নৱেম্বৰ তথা কাইলৈ শোণিতপুৰ হৈ ধেমাজিলৈ যাব বুলি সদৰী কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ৷ তাৰ পিচতে ই লখিমপুৰ হৈ পুনৰ মধ্য অসমলৈ ঘুৰি আহিব ৷ কংগ্ৰেছী নেতা ৰাহুল গান্ধীৰ য়ুথ জোড়ো যাত্ৰাক সমৰ্থন কৰিয়েই এই যাত্ৰা উলিয়াই বুলি নেতাগৰাকীয়ে মত প্ৰকাশ কৰে ৷
লগতে পঢ়ক: Murder case : আজান দি থকাৰ সময়তে ইমামক ডিঙি কাটি হত্যা