বালি মাফিয়াক বাধা দিবলৈ গৈ প্ৰহাৰৰ বলি হ’ল যুৱক - মাণিকপুৰ আৰক্ষী থানা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-12-2023/640-480-20297819-thumbnail-16x9-cong.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 18, 2023, 7:20 PM IST
মাণিকপুৰ, 18 ডিচেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলিখাগিৰিত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। এই মাৰপিটৰ ঘটনাত আহত হয় ফিৰাজুল হক নামৰ এজন যুৱক।
ঘটনাৰ বিৱৰণী অনুসৰি, বহুদিনৰ পৰা অঞ্চলটোৰ ভূ-মাফিয়াৰূপী শিক্ষক ছফিউৰ ৰহমান নামৰ লোকজনে মথাউৰি কাটি মানাহ নদীৰ পাৰ খান্দি বিপজ্জনক পৰিস্থিতি কঢ়িয়াই আনিছে ৷ নদীৰ বালি লীজত দি শিক্ষকগৰাকীয়ে লাখ লাখ টকা অৰ্জন কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে ।
ফলত অঞ্চলটোত বিপদ হ’ব পাৰে বুলি স্থানীয় যুৱক এজনে বাধা দিবলৈ যাওঁতেই ছফিউৰ ৰহমান নামৰ লোকজনৰ সৈতে তেওঁৰ পুত্ৰই আক্ৰমণ চলায় ফাৰিজুল হক নামৰ যুৱকজনক। তাৰ পিচতে যুৱকজন এতিয়া গুৰুতৰভাৱে আহত হৈছে । লগে লগে এই ঘটনাৰ খবৰ লাভ কৰি গেৰুকাবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ ইয়াৰ পূৰ্বেও বন বিভাগে ছফিউৰৰ ট্ৰেক্টৰ ধৰি জৰিমনা বিহিছিল।
লগতে পঢ়ক: গুৱাহাটীত অসম গ্ৰন্থমেলা লাইখুঁটা স্থাপন