Karbi Angalong : ডিফুত মাটি মানুহ সমন্বয় দিৱস উদযাপন - Worlds Indigenous People Day
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-08-2023/640-480-19227775-thumbnail-16x9-ka.jpg)
ডিফু, ৯ আগষ্ট: বিশ্ব খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে সন্ধিয়াৰ ভাগত ডিফু ধৰ্মনালা পথস্থিত শ্বাইনিং ৱাৰ্ড স্কুলৰ প্ৰাংগনত ‘‘মাটি মানুহ সমন্বয়’’ দিৱস হিচাপে উদযাপন কৰা হয় । এই উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাৰ পৌৰহিত্য কৰে কাৰ্বি আংলং জিলা লেখিকা সমাজৰ সভানেত্ৰী অৰূপা ৰংপি, উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা ময়ুৰী বৰুৱা ডেকাই ।
অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং জিলা লেখিকা সমাজৰ আহ্বায়ক কুইন হাজৰিকা, উপ-সভানেত্ৰী শশী কলা হাঞ্চেপী ৷ তদুপৰিও জেষ্ঠ সাংবাদিক মুকুল বৰুৱা, সঞ্জু বৰা, বিশিষ্ট লেখিকা গীতা বৰা, খীৰলা টেৰণপী, সুৱৰ্ণ চেতিয়াকে প্ৰমুখ্যে কৰি গণ্যমান্য ব্যক্তিসকল । অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰেকিবু উদ্দিন আহমেদ । উক্ত অনুষ্ঠানৰ জৰিয়তে মাটি মানুহ সমন্বয়ৰ সৈতে ওতঃপ্ৰোতভাৱে হৈ থকা কাৰ্বি আংলঙৰ বিশিষ্ট লেখক, গৱেষক সাহিত্যিক লুণছে তিমুঙক কাৰ্বি আংলং লেখিকা সমাজৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।
লগতে পঢ়ক:Heroin worth 3 crore seized: 3 কোটি টকাৰ হেৰ’ইনসহ দুটা সৰবৰাহকাৰী আটক