Wild Buffalo at Kaliabor: গৰুৰ বাবে ঘাঁহ কাটিবলৈ যোৱা মহিলাক ম’হৰ আক্ৰমণ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ফুলগুৰিত অঘটন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 2:10 PM IST

কলিয়াবৰ, 18 ছেপ্টেম্বৰ : কলিয়াবৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ফুলগুৰিত অঘটন । বনৰীয়া ম’হৰ আক্ৰমণত আহত কৰে এগৰাকী মহিলাক । আহত মহিলাগৰাকীৰ নাম লীলা দেৱী (45) বুলি জানিব পৰা গৈছে । সোমবাৰে পুৱাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গৰুৰ বাবে ঘাঁহ কাটিবলৈ যাওঁতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ 

আহত মহিলাগৰাকীৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, প্ৰতিদিনাৰ দৰে সোমবাৰে পুৱাৰ ভাগত ৰাষ্ট্ৰীয় পথৰ দাঁতিত গৰুৰ বাবে ঘাঁহ কাটিবলৈ গৈছিল লীলা দেৱী ৷ তেনেতে কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া ম’হে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে মহিলাগৰাকীক ।

তাৰ পাচতে স্থানীয় লোকৰ তৎপৰতাত আহত মহিলাগৰাকীক জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ কিন্তু ক্ৰমাৎ মহিলাগৰাকীৰ স্বাস্থ্য অৱনতি হোৱাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Self reliant with farming: সশস্ত্ৰ বিপ্লৱ এৰি কৃষি বিপ্লৱেৰে জগত জয়ৰ সপোন যাদৱ চেতিয়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.