Firing in Charaideo : চৰাইদেউত অচিনাক্ত লোকৰ গুলীত আঘাতপ্ৰাপ্ত মহিলা - Barhat police station
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16637187-thumbnail-3x2-djcds.jpg)
চৰাইদেউ জিলাৰ বৰহাটৰ পানবাৰীত গুলীৰ আঘাতত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে (Woman injured in firing in Charaideo)। জানিব পৰা মতে চৰাইদেউৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীৰ শিলনী নগা গাঁৱৰ নিবাসী সুৰুজ গোৱালাৰ পত্নী আৰতী গোৱালাৰ নিজা বাসগৃহত ঠিয় হৈ থকা অৱস্থাত বৃহস্পতিবাৰে ঘৰৰ টিনপাত ফুটি ভৰিত গুলী লাগি পাৰহৈ যোৱাত মাটিত ঢলি পৰে । আনহাতে ঘৰত ভাত খাই থকা শাহুৱেকে দৌৰি আহি বোৱাৰী আৰতীক গোৱালাক উঠাই আনি তেজেৰে ৰাঙলী হৈ থকা ভৰিখন কাপোৰেৰে বান্ধি দি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে । ইতিমধ্যে ঘটনাস্থলীত বৰহাট আৰক্ষী থানাৰ আৰক্ষী(Barhat police station) উপস্থিত হৈ মাটিত সোমাই থকা গুলীটো উদ্ধাৰ কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST