Dengue Outbreak in Dibrugarh: ডিব্ৰুগড়ত ডেংগুত আক্ৰান্ত মহিলাৰ মৃত্যু - Dengue patient increase in Dibrugarh
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,৮ আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনকেফেলাইটিছে ভয়াবহ ৰূপ ধাৰণ কৰা সময়তে ডিব্ৰুগড়ত এনকেফেলাইটিছ ৰোগীৰ লগতে ডেংগুত আক্ৰান্ত কেইবাজনো ৰোগী চিনাক্ত হৈছে । মঙলবাৰে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ৰমাই লাচন মিচিং গাঁৱত এইবাৰ ডেংগুত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৰমাই লাচন মিচিং গাঁৱৰ চিকিন টাইৰ পত্নী সবিদৈ পাংগিং টাই নামৰ মহিলা গৰাকীয়ে ডেংগুত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাই । দুটিকৈ সন্তানৰ মাতৃ সবিদৈ পাংগিং টাইক যোৱা ২ আগষ্টত ভৰ্তি কৰোৱা হৈছিল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷
তাতেই চিকিৎসাধীন অৱস্থাত মঙলবাৰে পুৱা প্ৰায় ৪ বজাত মৃত্যু হয় মহিলাগৰাকীৰ । এই ঘটনাৰ পাছতে তৎপৰ হৈছে স্বাস্থ্য বিভাগ ৷ ইতিমধ্যে খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা স্বাস্থ্যকৰ্মীৰ এটা দল ৰমাই লাচন মিচিং গাঁৱত উপস্থিত হৈ দলটোৱে গাঁওখনত শীঘ্ৰেই প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Heroin worth 3 crore seized: 3 কোটি টকাৰ হেৰ’ইনসহ দুটা সৰবৰাহকাৰী আটক