thumbnail

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 2:12 PM IST

ETV Bharat / Videos

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মহিলাৰ শোকাৱহ মৃত্যু

লখিমপুৰ, ২৩ নৱেম্বৰ : লখিমপুৰত ভয়ংকৰ ঘটনা । পথাৰত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এগৰাকী মহিলাৰ শোকাৱহ মৃত্যু । লখিমপুৰ জিলাৰ তেলীয়াগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ পথাৰত ধান চাবলৈ আহিছিল মহিলাগৰাকীয়ে ৷ মৃত মহিলাগৰাকীৰ নাম চেনীমাই শইকীয়া (৬৫) । তেলীয়াগাঁও নিবাসী লক্ষী শইকীয়াৰ পত্নী চেনীমাই শইকীয়া । 

লক্ষণীয় যে, অতি দৰিদ্ৰ পৰিয়ালটোৰ স্বামী-স্ত্রী উভয়ে কোনোমতে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আহিছিল। হঠাৎ মহিলাগৰাকীৰ এনে অকাল মৃত্যুত পৰিয়ালটোলৈ অমানিশা নামি আহিছে । এই ঘটনাৰ পিচতে স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰিছে ৷ 

উচ্চ প্ৰাবল্যৰ বিদ্যুৎ পৰিবাহী তাঁৰ ওলমি পৰি থকাৰ পাচতো বিদ্যুৎ বিভাগে কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে । ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ স্থানীয় লোকে পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে ৷ 

লগতে পঢ়ক: তিনি গাঞ্জা সৰবৰাহৰকাৰীৰ বিৰুদ্ধে কৰিমগঞ্জ আদালতৰ ঐতিহাসিক ৰায়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.