Man-elephant clash:এনেকেই চলি যাব বুলি হাত সাৱটি বহি থাকিবনে বন বিভাগ ?

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 11:43 AM IST

thumbnail

মাজুলী, 1 নৱেম্বৰ : কৰিবনো কি ৰাইজে ? উপায় নাই হাতী খেদাৰ বাহিৰে ৷ কেনেকৈ চকুৰ সন্মুখতে নিজৰ খেতিডৰা শেষ হ’বলৈ দিব পাৰে ? বন বিভাগলৈ বাট চাই চাই অৱশেষত হাতত তুলি ল’লে ধনুকাঁড় ৷ মাজুলীৰ দৃশ্য এইয়া ৷

ভুক্তভোগীয়ে জানিবলৈ দিয়া অনুসৰি হাতীৰ জাকটোত আছে নাই কমেও দুশটা হাতী ৷ খেদা মাৰি আহিলেই জীঅ’ ওলাই যায় গঞা ৰাইজৰ ৷ কিন্তু উপায় নাই খেতি বচাবলৈ দিনে-ৰাতিয়ে পহৰা দিবলগা হৈছে এতিয়া তেওঁলোকে ৷ বন বিভাগক অৱগত কৰিছে যদিও চাপৰিত হাতী চৰিবই বুলি দায় সৰা মন্তব্য তেওঁলোকৰ !

এতিয়া মাজুলীত পকা ধানৰ মাজত বন্যহস্তীৰ জাক ৷ এই বন্যহস্তীৰজাকে খাই তহিলং কৰিছে পকা ধানৰ লগতে চাপৰিৰ ৰবি শস্য । হাতত ধনুকাঁড় লৈ বন্যহস্তী খেদাত ব্যস্ত হৈ পৰিছে চৰ-চাপৰিত বাস কৰা পুৰুষ মহিলা । বন্যহস্তীয়ে ভাঙি তহিলং কৰিছে গোৱালৰ গৰু খুঁটি । দিনে ৰাতিয়ে প্ৰায় 150/200 জনীয়া হাতীৰ জাকটোৰ অতপালিত ত্ৰাহি মধুসূদন সুঁৱৰিছে চৰ-চাপৰিত বাস কৰা লোকসকলে ।

মাজুলীৰ চূমৈমাৰী মিচিং গাঁৱৰ গৰাখহনীয়াত ঘৰ ভেটি হেৰুওৱা বহু পৰিয়ালে জীৱিকাৰ বাবে ব্ৰহ্মপুত্ৰৰ চাপৰিত খেতি-বাতি কৰি পৰিয়াল পোহপাল দি আহিছে । কিন্ত দুৰ্ভাগ্যজনক কথা যে চাপৰিত কৰা ধান খেতি মাহ খেতি সৰিয়হ খেতিৰ লগতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি হাতীৰ জাকটোৱে খাই পেলোৱাৰ লগতে গছকি অনিষ্ট কৰা পৰিলক্ষিত হৈছে । ধনুকাঁড় জুই লৈ ধানৰ মাজৰ পৰা হাতী খেদিবলৈ আপ্ৰাণ চেষ্টা গাঁৱবাসীৰ । খহনীয়াগ্ৰস্ত লোকসকলে ৰবি শস্যৰ লগতে চাপৰিত হোৱা খেৰ কাটি বেচি জীৱিকা নিৰ্বাহ কৰি আহিছে যদিও হাতীজাকটোৰ ভয়ত এতিয়া খেৰ কাটিবলৈ চাপৰিলৈ যাবলৈ ভয় হৈছে লোকসকলৰ ।

লগতে পঢ়ক : Man-Elephant clash: হাতীৰ ভোক গুচাবলৈ ৰাইজে যোগান ধৰিছে কলগছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.