Elephant Menace: জোনাইত বন্যহস্তীৰ উপদ্ৰৱ

🎬 Watch Now: Feature Video

thumbnail

জোনাই,৫ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত হাতী-মানুহৰ সংঘাত । বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে সাধাৰণ ৰাইজে । ভিন্ন স্থানৰ দৰে জোনাইৰ কিছু কিছু প্ৰান্ততো বন্যহস্তীয়ে প্ৰতিদিনেই চলাই গৈছে উপদ্ৰৱ (Wild elephant terror in Jonai) । বৃহস্পতিবাৰে নিশা জোনাইৰ বাহিৰ চিলেত বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ ৷  

জানিব পৰামতে জোনাইৰ পবা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীয়ে বিভিন্ন সময়ত বনাঞ্চলখনৰ দাঁতিকাষৰীয়া গাঁৱসমূহত উপদ্ৰৱ চলাই অহাৰ সময়তে বৃহস্পতিবাৰে নিশা জোনাইৰ বাহিৰ চিলে গাঁৱৰ উনেশ্বৰ পেগু নামৰ এজন ব্যক্তিৰ ভড়াল ভাঙি ধান খাই তহিলং কৰে (Wild elephant menace in Jonai) । কিন্তু বন্যহাতীক খেদিবলৈ কোনোধৰণৰ টৰ্চ বা অন্য ব্যৱস্থা নথকাত নীৰৱে চাই থাকিবলগীয়া হ’ল বনৰীয়া হাতীটোৱে নিজৰ ভড়ালৰ ধান খাই তহিলং কৰা দৃশ্য ৷ শীঘ্ৰে বন্যহস্তীৰ উপদ্ৰৱৰ পৰিত্ৰাণ বিচাৰিছে ভুক্তভোগী জনতাই । 

লগতে পঢ়ক: Financial Corruption in Sarva Shiksha Office: ডিব্ৰুগড় জিলা সৰ্বশিক্ষা কাৰ্যালয়ত ধনৰ হৰলুকি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.