ETV Bharat / state

পৰীক্ষা দিলেও চাকৰিৰ বাবে ছমাহ সময় অপেক্ষা কৰিব লাগিব ৰাজ্যৰ নিবনুৱাই ! - ADRE GRADE EXAM

ছেপ্টেম্বৰ আৰু অক্টোবৰত নিযুক্তিৰ বাবে পৰীক্ষাত বহাৰ পাছতো অহা ১০ মে'লৈ অপেক্ষা কৰিব লাগিব লাখ লাখ পৰীক্ষাৰ্থীয়ে ।

ADRE Third and fourth grade
চাকৰিৰ বাবে অপেক্ষা কৰিব লাগিব ছমাহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 9:47 PM IST

গুৱাহাটী: পৰীক্ষা দিলেও ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে চাকৰিৰ বাবে অপেক্ষা কৰিব লাগিব ছমাহ । এবছৰৰো অধিক সময় ৩৯ লাখ মহিলাই লাখপতি হ’বলৈ অপেক্ষা কৰি ভাগৰি পৰাৰ পাছত এইবাৰ আশাত বন্দী হৈ থাকিব লগীয়া হৈছে প্রায় ৩৫ লাখ নিবনুৱা যুৱক-যুৱতীয়ে ।

লক্ষণীয় বিষয় যে বাইদেউসকল লাখপতি কেতিয়াকৈ হ'ব সেই কথাৰ উত্তৰ চৰকাৰে এতিয়ালৈকে দিয়া নাই । তেওঁলোক এতিয়া আশাত বন্দী হৈ আছে । এইবাৰ চাকৰিৰ বাবে পৰীক্ষা দিয়া নিবনুৱাসকলে নিযুক্তিৰ বাবে আৰু ছমাহ অপেক্ষা কৰিব লাগিব । অৱশ্যে অপেক্ষা কৰিলেও এইক্ষেত্রত নিশ্চয়তা আছে ।

ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২,৬০০ পদৰ নিযুক্তিৰ বাবে পৰীক্ষাত বহাৰ পাছতো অহা ১০ মে'লৈ অপেক্ষে কৰিব লাগিব লাখ লাখ পৰীক্ষাৰ্থীয়ে । কাৰণ ১০ মে'ত ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি । সেই দিনটোতহে চৰকাৰে বিতৰণ কৰিব নিযুক্তি পত্র । অর্থাৎ পৰীক্ষাত বহাৰ পৰা নিযুক্তি পাবলৈ তেওঁলোকে আৰু ছমাহলৈ ৰ'ব লাগিব ।

১০ মে'ৰ ভিতৰতহে মাধ্যমিক শিক্ষকসকলৰ নিযুক্তি

ইফালে, যোৱা বছৰৰ ডিচেম্বৰত বিজ্ঞাপন প্ৰকাশ হোৱাৰ পাছতে প্ৰাথমিক পৰ্যায়ত ৫,৫৫০টা পদৰ বাবে আৱেদন জনোৱাৰ ১০ মাহ উকলি যোৱাৰ মুহূৰ্ততো প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰা নাই । আনহাতে, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে মাধ্যমিক পৰ্যায়ত ৯,৭১৭ পদত নিযুক্তি হ'ব । কিন্তু ১০ মে'ৰ ভিতৰতহে মাধ্যমিক শিক্ষকসকলৰ নিযুক্তি হ'ব ।

২০২৬ ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নিযুক্তিৰ সংখ্যা ডেৰ লাখৰ ঘৰ অতিক্ৰম কৰাৰ বাবে যে চতুর্থ বর্ষপূৰ্তিৰ দিনটোলৈ নিযুক্তি প্ৰক্ৰিয়া ৰখাই থোৱা হৈছে সেই কথা স্পষ্ট হৈ পৰিছে । ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঢাক-ঢোল বজাই নিযুক্তি পত্র বিতৰণ কৰিব । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে বর্ষপূৰ্তিৰ দিনটোত একেদিনাই ৩৫-৪০ হাজাৰ নিযুক্তি দিয়া হ'ব ।

আঢ়ৈ বছৰত ১,২৫,০৩০ নিযুক্তি

উল্লেখ্য যে বর্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্ব লাভ কৰাৰ পাছতে কেবিনেটত এটা বছৰত এক লাখ চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্তত অনুমোদন জনাইছিল । এবছৰত এক লাখক নিযুক্তি দিয়া সম্ভৱ হোৱা নাছিল যদিও যোৱা ৮ অক্টোবৰত অৰ্থাৎ আঢ়ৈ বছৰত উচ্চ শিক্ষা, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেইবাটাও পদত নিযুক্তি দিয়াৰ পাছত ৰাজ্য চৰকাৰে দিয়া নিযুক্তিৰ সংখ্যা হৈছেগৈ ১,২৫,০৩০টা ।

ৰাজ্যত যে নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেই কথা এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাকেইটাই উদঙাই দিছে । পৰীক্ষাটোত দুয়োটা স্তৰত মুঠ চাকৰি আছে ১২,৬০০টা, কিন্তু এই পদসমূহৰ বাবে অনুষ্ঠিত পৰীক্ষাত প্ৰায় ৩৫ লাখ চাকৰি প্ৰাৰ্থী অৱতীৰ্ণ হোৱাটোৱে স্পষ্ট কৰিছে নিবনুৱা সমস্যাৰ ভয়াৱহতাৰ ছবি ।

লগতে পঢ়ক:ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা; অৱতীৰ্ণ হ'ব ১৩৭৯১৩২ গৰাকী পৰীক্ষাৰ্থী

দেওবাৰে ৪২ টা বিভাগৰ এ ডি আৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা, আকৌ ৰাজ্যজুৰি বন্ধ হ’ব মোবাইল সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.