thumbnail

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 12:13 PM IST

ETV Bharat / Videos

পুনৰ ৰে’লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু

মৰিয়নী, 7 জানুৱাৰী : পুনৰ যোৰহাটৰ মৰিয়নীত ৰে’লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছে । গিবন অভয়াৰণ্যৰ সমীপৰ ভেলাগুৰিত চাহ বাগিচাৰ ৰে'লপথত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো । নিশা প্ৰায় 11.40 বজাত নামনিমুৱা বিবেক এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় এটা হাতীৰ । বন্যহস্তীৰ এটা জাকে ৰে’লপথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো । দ্ৰুতবেগী ৰে’লখনৰ ইঞ্জিনৰ তলত সোমাই যায় বন্যহস্তীটো । ইয়াৰ ফলত দীৰ্ঘসময় ধৰি আবদ্ধ হৈ পৰে ৰে’লখন ৷ 

এই ঘটনাৰ পিচতে ঘটনাস্থলীত বন কৰ্মী আৰু ৰে’ল আৰক্ষীৰ লোক উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰে। ইয়াৰ পিচতে ৰে’লখনে যি স্থানত গতিবেগ হ্ৰাস কৰিব লাগে, সেয়া নকৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে। গিবন অভয়াৰণ্যৰ সমীপত ৰে’লৰ গতিবেগ ন্যূনতম প্ৰতি ঘন্টাত 20 ৰ পৰা 40 কিলমিটাৰ নিৰ্ধাৰণ কৰা আছে । কিন্তু অধিকাংশ ৰে’লে এই নিৰ্দেশ পালন নকৰে । ফলত প্ৰতি বছৰে উক্ত ৰে’ল পথচোৱাত কৰুণভাৱে মৃত্যুক আকোঁৱালি লয় বন্যহস্তীয়ে ।

লগতে পঢ়ক: মণিপুৰৰ ৰাজ্যিক ফুটবল লীগত অংশগ্ৰহণৰ বাবে নিবিদা মাছুল ৪ লাখ টকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.