Himanta Biswa Sarma birthday: হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত শুভাকাংক্ষীয়ে মেৰামতি কৰিলে পকীপথ

By

Published : Feb 1, 2023, 11:00 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

শিৱসাগৰ, 1 ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ জন্মদিনৰ অনন্য উপহাৰ শিৱসাগৰৰ যুৱ সমাজকৰ্মী লাচিত গগৈৰ (Gift to Assam Cm on birthday)। হিমন্ত বিশ্ব শৰ্মাক অত্যন্ত ভালপোৱা লাচিত গগৈয়ে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে নিজা খৰচেৰে নিৰ্মাণ কৰিলে এচোৱা বিধ্বস্ত পথ । ৰূদ্ৰসাগৰ গাঁও পঞ্চায়তৰ অধীনৰ ভাটি বনগাঁৱৰ প্ৰায় তিনি  কিলোমিটাৰ পথ শিলনিকৰণৰ ব্যৱস্থা কৰে যুৱ সমাজকৰ্মীগৰাকীয়ে ।

লাচিত গগৈৰ এনে মানৱ দৰদী কাৰ্যত আনন্দ প্ৰকাশ কৰিছে পথচোৱাৰ বাবে দীৰ্ঘদিনে জীয়াতু ভুগি অহা স্থানীয় লোকসকলে । প্ৰায় ১৩২ ঘৰ মানুহে দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰা বাবে লাচিত গগৈক ধন্যবাদ বিভিন্ন জনৰ । প্ৰায় তিনি লাখ টকা ব্যয় সাপেক্ষে একক প্ৰচেষ্টাত পথ চোৱা পুনৰ নিৰ্মাণ কৰিলে যুৱকজনে (Man repair road in CM birthday) ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে পুৱাতেই তেওঁ শিৱদৌলত গৈ পূজা আগবঢ়ায় ৷ মহাদেৱৰ চৰণত শৰণ লৈ মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য কামনা কৰে শুভাকাংক্ষীগৰাকীয়ে ৷ তাৰ পাচতেই স্থানীয় একাংশ লোকৰ সৈতে কেক কাটি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন কৰে তেওঁ ৷ তাৰ পাচতেই এটা স্থানীয় নামঘৰত অনুষ্ঠিত হৈ থকা ভাগৱত পাঠ অনুষ্ঠানতো মূৰ দোঁৱাই আৰু স্থানীয় কেইবাগৰাকীও বয়োজ্যেষ্ঠ লোকৰ লগতে ভকত-বৈষ্ণৱক সম্বৰ্ধনা জনায় (Himanta Biswa Sarma Birthday) ৷

উল্লেখ্য য়ে, আজি ৰাজ্যৰ বিভিন্ন স্থানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ 54 সংখ্যক জন্মদিন উদযাপন কৰিছে গুণমুগ্ধসকলে ৷ কলিয়াবৰত কেশৱ মহন্তৰ ভাতৃ তথা অগপ নেতা মণিমাধৱ মহন্তৰ বিবাহ অনুষ্ঠানত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে বিবাহস্থলীতেই কেক কাটি জন্মদিন উদযাপন কৰে (Himanta Biswa Sarma Birthday celebration) ৷ 

লগতে পঢ়ক: Himanta Biswa Sarma Birthday: কলিয়াবৰৰ বিবাহস্থলীত কেক্ কাটি জন্মদিন উদযাপন মুখ্যমন্ত্ৰীৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.