Street Play in Rangia: ৰঙিয়াত বৰষুণৰ পানী সংৰক্ষণৰ সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন - Rainwater harvesting awareness programme

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 28, 2023, 10:10 AM IST

ৰঙিয়া, ২৮ মাৰ্চ: ৰঙিয়াৰ ৰাজপথত সোমবাৰে দুই মহিলাৰ দুৰ্বাদল কাজিয়া ৷ এগৰাকীয়ে যদি গালি পাৰিছে ইগৰাকীয়ে ইয়াৰ প্ৰত্য়ুত্তৰ দিছে ৷ হঠাতে এগৰাকী মহিলাৰ স্বামী আহি পত্নীক বুজনি দিবলৈ চেষ্টা কৰিছে ৷ কোনোৱে বুজিবলৈ চেষ্টা নকৰে । অৱশেষত কেইগৰাকীমান সচেতন ব্য়ক্তিৰ বুজনিত দুয়োগৰাকী মহিলা শান্ত হয় । আচলতে এয়া কোনো কাজিয়া নহয় । বৰষুণৰ পানী সংৰক্ষণ সন্দৰ্ভত প্ৰদৰ্শন কৰা এখন বাটৰ নাটকহে আছিল (Water awareness Street Play at Rangia) ।

বৰষুণৰ পানী কিদৰে সংৰক্ষণ আৰু কি কি কামত ব্যৱহাৰ কৰিব পাৰি তাক লৈ সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ৰঙিয়াৰ সংগীত গ্ৰুপ অৱ ক্ৰিয়েছন আৰু সংগীত স্কুল অৱ ড্ৰামাই অনুষ্ঠিত কৰে বাটৰ নাটখন (Rainwater harvesting awareness programme)৷ শেহতীয়াভাৱে কেন্দ্ৰীয় জল আয়োগৰ তথ্যত ভাৰতৰ বিভিন্ন ঠাইত পানীৰ পৰিমাণ কমি যোৱা আৰু বিভিন্ন ৰাজ্য দিনক দিনে শুকানৰ দিশে আগবাঢ়ি যোৱাৰ কথা প্ৰকাশ পাইছিল (Central Water Commission) ৷ সেয়েহে ৰাইজক বৰষুণৰ পানী সংৰক্ষণ কৰাৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে সাংস্কৃতিক কৰ্মী তথা ছবি পৰিচালক পংকজ পল্লৱ শৰ্মাৰ নেতৃত্বত প্ৰদৰ্শিত বাটৰ নাটখনত কেইবাগৰাকীও শিল্পীয়ে আংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:Constituency delimitation of Assam : ২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুনঃনিৰ্ধাৰণৰ বিৰোধিতা চিপিআই এমৰ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.