thumbnail

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 8:32 AM IST

ETV Bharat / Videos

Tense situation at Moran Police Station : পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি মৰাণ থানাত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়, 17 অক্টোবৰ : পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি মৰাণ থানাত উত্তপ্ত পৰিস্থিতি । পথ দুৰ্ঘটনাত আহত ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি মৰাণ আৰক্ষী থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৰাইজে ৷ ঘটনা অনুসৰি যোৱা 12 অক্টোবৰত চেপন কলেজৰ সন্মুখত AS 06 BC 3462 নম্বৰৰ এখন ট্ৰেভেলাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল গণেশ চাৰুৱা (48) নামৰ ব্যক্তিজন ৷

কিন্তু সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত ব্যক্তিজনৰ মৃত্যুৰ পাচত নিশা মৰাণ আৰক্ষী থানাত উত্তপ্ত পৰস্থিতি সৃষ্টি কৰে মৃতকৰ আত্মীয়ই ৷ পৰিয়ালৰ অভিযোগ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেভেলাৰৰ গৰাকীয়ে আহত ব্যক্তিগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত কোনোধৰণৰ সহায় নকৰিলে ৷

আনহাতে, উক্ত ঘটনা সংঘটিত হোৱাৰ কেইবাদিনো পাৰ হ'ল ৷ তৎস্বত্বেও বাতৰি যুগুত কৰা পৰ্যন্ত গাড়ী চালকক আটক কৰিব নোৱাৰিলে আৰক্ষীয়ে । এই অভিযোগ মৃত ব্যক্তিৰ পৰিয়ালৰ ৷ সেয়ে ক্ষোভিত ৰাইজে সোমবাৰে নিশা থানাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে বিহিত ব্যৱস্থা কৰাৰ আশ্বাস দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷

লগতে পঢ়ক : Vedic Mathematics is a mathematical techniques; বৈদিক গণিত মানে গণিত শিকাৰ কৌশল: ডাঃ ৰণোজ পেগু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.