Reaction of VC of DU: বিশ্ববিদ্যালয়ো এৰিব লাগিব নেকি উজ্জ্বল অংকুৰ বড়াই ? - Dibrugarh University ragging controversy

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 30, 2022, 5:28 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডত শেহতীয়াকৈ নাম সাঙোৰ খাইছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বড়াৰ (Dibrugarh University ragging controversy) । ঘটনা সংঘটিত হোৱাৰ দিনা পদ্মনাথ গোঁহাঞি বৰুৱা ছাত্ৰাবাসত উপস্থিত থাকি ভুক্তভোগী আনন্দ শৰ্মাৰ মবাইল ফোন কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ বিৰুদ্ধে(Allegation against new GS of Dibrugarh University) । আনন্দ শৰ্মাই নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক গৰাকী জড়িত থকাৰ কথা উল্লেখ কৰাৰ পাছতে স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাক এই সন্দৰ্ভত জেৰা চলোৱা হৈছে । সাধাৰণ সম্পাদক গৰাকীৰ নাম সাঙোৰ খোৱাৰ পাছতেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই কয়, দোষী সাব্যস্ত হ'লে কেৱল সম্পাদকৰ পদেই নহয় বিশ্ববিদ্যালয়ো এৰিব লাগিব উজ্জ্বল অংকুৰ বড়াই । ইতিমধ্য বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিয়ে সমগ্ৰ বিষয়টো তদন্ত কৰিছে বুলিও জানিবলৈ দিছে উপাচাৰ্য্য জিতেন হাজৰিকাই ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.