Price hike: জোনাই সাপ্তাহিক বজাৰত পাচলিৰ আকাশলংঘী দাম; গ্ৰাহকৰ হাহাকাৰ - Price hike in Dhemaji

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 9, 2023, 10:28 PM IST

জোনাই, ৯জুলাই: ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ কেকোঁৰা চেপাত কোঙা হৈছে গ্ৰাহক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জোনাইৰ বজাৰতো জুই লাগিছে ৷ ৰাজ্যখনৰ অধিকাংশ জিলা বছৰটোৰ প্ৰথমটো বানে তচনচ কৰাৰ সময়তে জোনাই দৈনিক খুচুৰা বজাৰতো এক কেজি জলকীয়াৰ দাম ২৮০-৩০০, বিলাহীৰ দাম হৈছেগৈ ১২০ টকা । অন্যান্য শাক-পাচলিৰো সমানে মূল্যবৃদ্ধি হৈ শতকৰ ঘৰ চুইছেগৈ ৷ মুঠতে যিয়ে যেনেকৈ পাৰিছে নিজ ইচ্ছামতে বিক্ৰী কৰিছে ৷

চৰকাৰ -প্ৰশাসন কুম্ভকৰ্ণৰ নিদ্ৰাত ৷ মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে সাধাৰণ জনতাৰ দ্বাৰা নিৰ্বাচিত বিজেপি চৰকাৰৰ প্ৰতিনিধিসকলে ৰাইজৰ দুৰ্দশাৰ কথা ক'লে টুলুঙা মন্তব্যহে কৰে ৷ ইফালে, বিক্ৰেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এনেধৰণে মূল্যবৃদ্ধিৰ ফলত দোকানত গ্ৰাহকৰ সংখ্যা হ্ৰাস হৈছে ৷ ফলত বিক্ৰীৰ পৰিমাণ কমিছে ৷ 

লগতে পঢ়ক:Crime in Guwahati: মহানগৰীত পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ চেইন কাঢ়িলে দুৰ্বৃত্তই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.