আজি উৰুকা, ৰাজ্যৰ বজাৰত মাছৰ উজান - মাছৰ উজান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-01-2024/640-480-20504465-thumbnail-16x9-bhjdkq.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 14, 2024, 9:40 AM IST
যোৰহাট, 14 জানুৱাৰী : আজি উৰুকা ৷ উৰুকা বুলি ক’লেই সকলোৱে একেলগে মিলিজুলি এসাঁজ খোৱাৰ দিন ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰসমূহত পুৱতি নিশাৰ পৰা মাছ বিচাৰি ভিৰ কৰিছেহি গ্ৰাহকে ৷
যোৰহাট জিলাৰ তৰাজানৰ মাছ বজাৰত উদুলি মুদুলি পৰিৱেশ । মাছৰ বজাৰত উপলব্ধ হৈছে বিভিন্ন আকাৰ মাছ । ৰৌ,বৰালী, আৰি, চিতল ,খৰিয়া, বাহু আদিকে ধৰি বিভিন্ন ধৰণৰ মাছ উপলদ্ধ হৈছে । সকলোৱে নিজৰ মনৰ পছন্দ মাছটো ক্ৰয় কৰি এসাঁজ হেপাঁহেৰে খাবলৈ পৰিকল্পনা কৰিছে ৷ তাৰাজানৰ বজাৰত 20 পৰা 30 কেজি ওজনৰ মাছ উপলদ্ধ হৈছে ।
প্ৰত্যেকেই বজাৰলৈ আহি মাছ মাংস আদি কৰি সকলো ধৰণৰ সামগ্ৰী ক্ৰয় কৰা দেখা পোৱা গৈছে । সমূহীয়াকৈ উৰুকা ৰাতি ভোজ ভাত খাই মেজি ৰখি পুৱা মেজিত অগ্নিসংযোগ কৰি, অগ্নিলৈ তামোল-পান, নাৰিকল, ঘি, তিল অৰ্পণ কৰি নাম প্ৰসংগ সেৱাৰে ৰাইজৰ মংগল কামনা কৰা হয়।
লগতে পঢ়ক: শৈশৱে ৰিঙিয়াই ! অতুল বৰাৰ খেৱালি জালত ৰৌ-মিৰিকা-চিতল