Black Day of ULFA I : আলফা স্বাধীনৰ ক’লা দিৱসক লৈ শংকিত অসম আৰক্ষী

By

Published : Nov 25, 2022, 11:03 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
সমাগত আলফা স্বাধীনৰ ক’লা দিৱস (Black Day of ULFA-I) ৷ 28 নৱেম্বৰৰ দিনটো ক’লা দিৱস হিচাবে পালন কৰি আহিছে আলফা স্বাধীনে (Upcoming Black Day of ULFA-I)। এই দিনটোত নিষিদ্ধ ঘোষিত সংগঠনটোৱে যাতে কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাৱে সষ্টম হৈ পৰিছে অসম আৰক্ষী ৷ আলফা স্বাধীনৰ এই ক’লা দিৱসৰ পূৰ্বে আলফা স্বাধীনে যাতে চৰাইদেউ জিলাখনত কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে জিলাখনৰ ভিন্ন প্ৰান্তৰ আৰক্ষী থানাসমূহে নিজা নিজা এলেকাৰ আলফা পৰিয়ালৰ আত্মীয়ক নিতৌ নিশা থানাসমূহত আৱদ্ধ কৰি ৰাখিছে । আৰক্ষীৰ এনে কাৰ্যক লৈ জিলাখনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য, 2008 চনতেই আলফা স্বাধীনত যোগদান কৰা বৰহাট আৰক্ষী থানা এলেকাৰ কছাৰীপথাৰ গাঁৱৰ অচিন্ত অসমৰ ভাতৃ বিশ্বজিৎ কটকীকো নিশা থানাত আৱদ্ধ কৰি ৰখা ঘটনাই অঞ্চলজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.