Pollution free India : প্ৰদূষণ মুক্ত ভাৰত গঢ়া লক্ষ্যৰে দক্ষিণ ভাৰতৰ পৰা চাইকেলেৰে উপস্থিত লামডিঙত - অসমৰ প্ৰাকৃতিক সৌন্দৰ্য
🎬 Watch Now: Feature Video
হোজাই, 24 মাৰ্চ : প্ৰদূষণ মুক্ত ভাৰত গঢ়া লক্ষ্যৰে সুদূৰ দক্ষিণ ভাৰতৰ পৰা চাইকেলেৰে যাত্ৰা কৰি লামডিঙত উপস্থিত হ’ল এজন প্ৰকৃতিপ্ৰেমী যুৱক (UP youth arrives at Lumding on a bicycle)৷ নাম ৰবীন সিং ৷ 2022 চনৰ 6 অক্টোবৰত কন্যাকুমাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ৰবীন সিঙে ৷ তাৰ পাচতে প্ৰদূষণ মুক্ত ভাৰত গঢ়া লক্ষ্যৰে ভাৰতৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰে ৰবীনে ৷
উত্তৰ প্ৰদশৰ প্ৰকৃতিপ্ৰেমী যুৱক ৰবীনে বৃহস্পতিবাৰে উপস্থিত হয় লামডিঙত ৷ তাৰ পাচতে প্ৰকৃতিপ্ৰেমী ৰবীনক বিভিন্ন দল সংগঠনে সম্বোধনা জনায় ৷ আনকি ৰবীনে লামডিং মহাবিদ্যালয়তো উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজক ৰাইজকো প্ৰকৃতিক ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷
সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আন ৰাজ্যতকৈ কিছু পৃথক ৷ কিন্তু এচাম লোকে ৰাস্তাই-ঘাটে প্লাষ্টিকৰ জাৱৰ-জোঁথৰ পেলাই ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ম্লান কৰিছে ৷ সেয়ে সকলোৱে পৃথিৱীখন সুৰক্ষিত কৰিবলৈ হ’লে প্লাষ্টিক বৰ্জন কৰি এক সুস্থ বাতাৱৰন গঢ়ি তোলক’’ (Pollution free India)৷
জানিব পৰা মতে, 2022 চনৰ 6 অক্টোবৰৰ পৰা আৰম্ভ হোৱা ৰবীনৰ এই যাত্ৰা অন্ত পৰিব ভূপালত ৷
লগতে পঢ়ক : Rahul Gandhi disqualified from parliament: বিজেপি চৰকাৰে স্বৈৰাচাৰী শাসন চলোৱাৰ অভিযোগ গৌৰৱ গগৈৰ