Dead body recovered: ডিব্ৰুগড়ত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 5:55 PM IST

thumbnail

ডিব্ৰুগড়,২১ অক্টোবৰ: ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাৰ আনন্দ-উল্লাস । ব্যতিক্ৰম নহয় ডিব্ৰুগড় । ইয়াৰ মাজতেই শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে সপ্তমীৰ দিনটোতেই ডিব্ৰুগড়ত অঘটন । ডিব্ৰুগড়ৰ সেউজপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । মুখ বন্ধা অৱস্থাত উদ্ধাৰ কৰা হয় এজন অচিনাক্ত যুৱকৰ মৃতদেহ ।  

কোনো লোকে মুখ, চকু বান্ধি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰে প্ৰত্যক্ষদৰ্শীয়ে । ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । পূজাৰ আনন্দৰ মাজতে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ডিব্ৰুগড়ত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।  

লগতে পঢ়ক: Durga puja celebration: সঁচাই বিশেষ এইবাৰৰ দুৰ্গা পূজা, কিয় জানি লওক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.