প্ৰতিদিনে আৰক্ষীৰ জেৰা আৰু মাৰপিট, অৱশেষত গছত চিপ লৈ হত্যা দীপাংকৰৰ - Assam police torture
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-12-2023/640-480-20358536-thumbnail-16x9-fake2266111111.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 26, 2023, 2:20 PM IST
যোৰহাট, 26 ডিচেম্বৰ : যোৰহাট জিলাৰ তিতাবৰত চাঞ্চল্যকৰ ঘটনা ৷ আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰমপন্থা ল’লে যুৱকে ৷ শেহতীয়াকৈ যোৰহাটৰ সেনা ছাউনীৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত বিগত কিছুদিন ধৰি তিতাবৰ বিৰিণাশায়েক গাৰিকুৰি গাঁৱৰ দীপাংকৰ গগৈ নামৰ যুৱকজনক আৰক্ষীয়ে মানসিকভাৱে অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷
যুৱকজনৰ পিতৃৰ ভাষ্য অনুসৰি, যুৱকজনক বোমা বিস্ফোৰণ হোৱা দিনৰে পৰাই আৰক্ষীয়ে যেতিয়াই তেতিয়াই আহি থানালৈ জেৰাৰ নামত লৈ যায় ৷ আনকি থানাত মাৰপিটো কৰিছিল যুৱকজনক ৷ যুৱকজনে আৰক্ষীৰ মানসিক হেঁচাত অতিষ্ঠ হৈ পূৰ্বে পিতৃৰ সন্মুখত আত্মহত্যা কৰিম বুলি ক্ষোভ উজাৰিছিল ৷
অৱশেষত আৰক্ষীৰ অত্যাচাৰ সহ্য কৰি নোৱাৰি ঘৰৰ পিচফালে থকা চাহ বাগিচাৰ কাষৰে এজোপা গছত দীপাংকৰে চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে পিতৃয়ে ।
লক্ষণীয় যে, দীপাংকৰ গগৈ নামৰ যুৱকজনে পাঁচ বছৰৰ পূৰ্বে আলফাত যোগদান কৰিবলৈ যোৱাৰ অৱস্থাৰ পৰা অৰুণাচলৰ পৰা আছাম ৰাইফলছৰ এটা দলে ওভতাই আনিছিল। দীপাংকৰৰ মৃত্যুৰ পিচতে পৰিয়ালটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক: 276 যাত্ৰীসহ ফ্ৰান্সত আবদ্ধ হৈ থকা বিমানখন অৱশেষত আহি পালে ভাৰত