অসমবাসীয়ে বিচৰা ধৰণেই এই চুক্তি : অনুপ চেতিয়া - ত্ৰিপাক্ষিক শান্তি চুক্তি
🎬 Watch Now: Feature Video
Published : Dec 29, 2023, 1:33 PM IST
নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : মাজত আৰু কেইটামান ঘন্টাহে মাথোঁ ৷ মাত্ৰ কেইটামান ঘন্টাৰ পিচতে স্বাক্ষৰ হ’ব আলফা, ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি চুক্তি ৷ এই চুক্তিক লৈ ইতিমধ্যে অসমৰ সমাজ জীৱনত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
তেনে সময়তে চুক্তি স্বাক্ষৰৰ প্ৰাকমুহূৰ্তত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই দিল্লীৰ পৰা ফোনযোগে ই টিভি ভাৰতক জনাই যে অসমবাসীয়ে যাতে বিচৰা ধৰণে বা আশা কৰা ধৰণে সকলোখিনি এই চুক্তিৰ জৰিয়তে লাভ কৰে, তাৰ বাবে সম্পূৰ্ণৰূপে চেষ্টা চলোৱা হৈছে ৷
তেওঁ লগতে আৰু কয় যে এই মুহূৰ্তত আলফাৰ বৈদেশিক সচিব শশধৰ চৌধুৰী আৰু তেওঁ নিজেই গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত উপস্থিত আছে আৰু চুক্তিৰ চূড়ান্ত অন্তিমবাৰৰ বাবে চকু ফুৰাইছে ৷ অসমবাসীয়ে আশা কৰা মতেই সকলো হ’ব বুলিও চেতিয়াই কয় ৷
আনহাতে, ১২ বছৰ পূৰ্বে এই আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত যিখিনি অস্ত্ৰ-শস্ত্ৰ আলফাৰ হাতত আছিল সেইখিনি চৰকাৰৰ ঘৰত জমা দিয়া হৈছে বুলিও তেওঁ কয় ৷ চুক্তি স্বাক্ষৰৰ প্ৰাকক্ষণত আৰু কি কি ক’লে অনুপ চেতিয়াই ৷ চাওক এই বিশেষ টেলিফোনিক সাক্ষাৎকাৰ ৷
লগতে পঢ়ক : শান্তিচুক্তি: সাক্ষী হ’ব 14 জনগোষ্ঠীয় সংগঠন