Udyam 2023 begins: থলুৱা ক্ষুদ্ৰ উদ্যোগসমূহ আগুৱাই নিয়াৰ উদ্দেশ্যে দুলীয়াজানত আৰম্ভ হ’ল উদ্যম 2023 - ৰণজিৎ কুমাৰ দাস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 26, 2023, 7:55 PM IST

ডিব্ৰুগড়, 26 ফেব্ৰুৱাৰী: ৰাজ্যৰ যুৱক-যুৱতীসকলক উদ্যোগমুখী কৰি তোলাৰ লগতে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ বিপণনৰ সুবিধা প্ৰদান কৰিবলৈ অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছে উদ্যম 2023 (Udyam 2023 at Duliajan) । শনিবাৰৰ পৰা অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত দুলীয়াজান বিহুতলী প্ৰাংগণত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী ৷ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰীৰ ৷  

ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সৌজন্যত বহুমুখী সমবায় সমিতিৰ সহযোগত 1 মার্চলৈ অনুষ্ঠিত হ’ব লগা উদ্যম 2023 ৰ অধীনত অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠানৰ প্ৰদৰ্শনী, আলোচনাচক্ৰ আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে । পাঁচদিনৰ এই কাৰ্যসূচীত 10 খন আলোচনাচক্ৰ আৰু 9 টা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব বুলি সদৰী কৰিছে উদ্যোক্তাই (Industrial conclave under udyam) ৷ আলোচনাচক্ৰ আৰু প্ৰশিক্ষণ শিবিৰৰ সমান্তৰালভাৱে উদ্যম 2023 ৰ লগত সংগতি ৰাখি এক বাণিজ্য মেলা আৰু প্ৰদৰ্শনী মেলাও অনুষ্ঠিত হৈছে ৷  

উদ্যম শীৰ্ষক এই কাৰ্যসূচী উদ্বোধন কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয় তথা শ্ৰম নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ লগতে সহযোগ কৰে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই ৷ উদ্বোধনী অনুষ্ঠানটিত মুখ্য অতিথিৰূপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোণোৱাল, গ্ৰামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, স্থানীয় বিধায়ক তেৰছ গোৱালা আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন উপস্থিত থাকে (MSME Udyam at Assam) ৷

উদ্যম 2023 ৰ জৰিয়তে উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী বা বিপণনতে সীমাবদ্ধ নাৰাখি উৎপাদিত পণ্যৰ ৰপ্তানি পদ্ধতি, ব্ৰেণ্ডিং আৰু পেকেজিং, খাদ্য সংসাধন, মাংস সংসাধন, পি এম এফ এম ই, পি এম ই জি পি আঁচনি, পর্যটন ক্ষেত্ৰ আদিৰ সম্ভাৱনা তথা উদ্যমিতা সন্দৰ্ভত উদ্যোগীসকলক লৈ আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: A government school in the spotlight: চৰ্চাত থকা ৰাজ্যৰ এখন বিশেষ চৰকাৰী বিদ্যালয়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.