thumbnail

By

Published : Jun 6, 2023, 8:01 PM IST

ETV Bharat / Videos

Two youth death: ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি শ্বিলঙৰ এজন যুৱকৰ, এজন নিখোঁজ

গুৱাহাটী,৬ জুন: চন্দ্ৰপুৰৰ হাজোংবৰীত অঘটন ৷ সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি শ্বিলঙৰ এগৰাকী যুৱকৰ, আনহাতে এজন নিখোঁজ । মঙলবাৰে দিনৰ ভাগত চন্দ্ৰপুৰৰ হাজোংবৰীত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা (Two youth death at Chandrapur)৷ 

জানিব পৰা মতে, শ্বিলঙৰ পৰা ৬ জন বন্ধুৱে আজি দিনৰ ভাগত চন্দ্ৰপুৰলৈ ফুৰিবলৈ আহিছিল। তেওঁলোকে প্ৰথমে চন্দ্ৰপুৰৰ হাজোংবাৰী সমীপৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰলৈ ফুৰিবলৈ যায় আৰু তেওঁলোকৰ দুজন সতীৰ্থ নৈত গা ধুবলৈ গৈ নিখোঁজ হয় । নিখোঁজ হোৱা যুৱক দুজন শ্বিলঙৰ ৰাহুল ছেত্ৰী আৰু হিবৰমি লালু বুলি জানিব পৰা যায় (two youths death in Brahmaputra river)।

এই ঘটনাক লৈ সৃষ্টি হোৱা হৈ চৈৰ মাজতে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটানস্থলীত উপস্থিত হয় প্ৰাগজ্যোতিষপুৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ দল । SDRF ৰ লোকে ব্ৰহ্মপুত্ৰত অভিযান চলাই হিবৰমি লালুক মৃত অৱস্থাত উদ্ধাৰ কৰে যদিও আনজন যুৱক ৰাহুল ছেত্ৰীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। বাতৰি লিখা পৰলৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ৷  

লগতে পঢ়ক: Murder case at Duliajan: জ্যেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.