কা বিৰোধী আন্দোলনৰ শ্বহীদ দীপাঞ্জল দাসে আজিকোপতি নাপালে শ্বহীদৰ প্ৰমাণ-পত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 9:49 AM IST

মিৰ্জা, 13 ডিচেম্বৰ : কা বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদলৈ সন্মান জনাই মঙলবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত আয়োজন কৰা হৈছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ দক্ষিণ কামৰূপৰ ছয়গাঁৱতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ শ্বহীদ দীপাঞ্জল দাসৰ ছয়গাঁৱস্থিত বাসগৃহতো ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বহীদগৰাকীক ৷

উল্লেখ্য যে, জাতি বিৰোধী কা আইনৰ বিৰোধীতা কৰিবলৈ গৈ 2019ত আৰক্ষীৰ গুলীত নিহত হৈছিল পাঁচজনকৈ অসমীয়া যুৱক ৷ তাৰ ভিতৰত 12 ডিচেম্বৰত কা বিৰোধী আন্দোলন কৰিবলৈ গৈ আৰক্ষীৰ গুলীত নিহত হৈছিল দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ দীপাঞ্জল দাসও ৷

দীপাঞ্জল দাসৰ মৃত্যুৰ আজি চাৰি বছৰ হ’ল ৷ তাৰ পিছতো শ্বহীদৰ প্ৰমাণ পত্ৰ লাভ নকৰাত শ্বহীদ পৰিয়ালে আক্ষেপ প্ৰকাশ কৰিছে ৷ এই ক্ষেত্ৰত শীঘ্ৰে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে ৰাইজে ৷

লগতে পঢ়ক :ৰঙিয়াৰ ৰাজপথত দাউদাউকৈ জ্বলি উঠিল বাহন, কথমপি প্ৰাণৰক্ষা শিশুসহ 6 জনৰ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.