Tributes paid to Manjit Mahanta: বিহপুৰীয়াত মনজিৎ মহন্তলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

By

Published : Jul 10, 2023, 9:11 PM IST

thumbnail

বিহপুৰীয়া,১০ জুলাই: বিগত কেইবাদিনো ধৰি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বিশিষ্ট সাংবাদিক তথা কংগ্ৰেছৰ নিষ্ঠাৱানকৰ্মী মনজিৎ মহন্তই সোমবাৰে ইহলীলা সম্বৰণ কৰে । পুৱতি নিশা ২ বজাত জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহন্তৰ । এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে সংবাদ ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়োৱা মহন্তৰ দেহাৱসানত বিভিন্ন দল-সংগঠনৰ লগতে সংবাদ ক্ষেত্ৰখনতো শোকৰ ছাঁ পৰিছে ।  

জ্যেষ্ঠ সাংবাদিক তথা প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । লখিমপুৰ-শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল হাৱাজানত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভুপেন কুমাৰ বৰাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ভৰত চন্দ্ৰ নৰহ, কংগ্ৰেছ নেতা জয়প্ৰকাশ দাস, ৰামপ্ৰসাদ শৰ্মা, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, শান্তনু বৰঠাকুৰ প্ৰমুখ্যে বহু কেইগৰাকী জ্যেষ্ঠ নেতাৰ লগতে কেইবা শতাধিক কংগ্ৰেছ নেতা-কৰ্মী। 

লগতে পঢ়ক: Dowry demand case:ফিল'বাৰীত যৌতুক বিচাৰি বোৱাৰীক নিৰ্যাতন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.