Burmese Supari seized: বাৰ্মিজ চুপাৰিসহ ৰে’লৱে কৰ্মচাৰী আটক
🎬 Watch Now: Feature Video
Published : Sep 27, 2023, 4:59 PM IST
যোৰহাট, 27 ছেপ্টেম্বৰ : ৰাজ্যজুৰি বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এইবাৰ RPF আৰু GRPF ৰ যুটীয়া অভিযানত বাৰ্মিজ চুপাৰিসহ সৰবৰাহকাৰীৰ ৰূপত এগৰাকী ৰে’ল বিভাগৰ ঠিকা ভিত্তিত কৰ্মচাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
লোকজনৰ পৰা ৰে‘লৱে সুৰক্ষা বাহিনীয়ে কেইবাটাও বস্তাত নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে ৷ আটকাধীন ৰে’ল কৰ্মচাৰীজন হ’ল জনৈক চুটন দে’ ৷ ধৃত সৰবৰাহকাৰীজন উজনিমুৱা ইন্টাৰচিটি ৰে’লখনৰ শীত তাপ নিয়ন্ত্ৰিত ডবাৰ কৰ্মচাৰী আছিল।
চুটন দে’ৰ ঘৰ লামডিঙত বুলি জানিব পৰা গৈছে । আটকাধীন ৰে’লৱে কৰ্মচাৰীজনে বাৰ্মিজ চুপাৰিখিনি ডিমাপুৰৰ পৰা মৰিয়নী অভিমুখে লৈ গৈছিল ৷ জব্দ কৰা চুপাৰিখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় দুই লাখ টকা হ'ব বুলি ধাৰণা কৰা হৈছে ৷
লগতে পঢ়ক: Assam youth killed in Nagaland: মৰণোত্তৰ পৰীক্ষা নহ’ল ললিত-উৎপলৰ; ৰাইজে নকৰে সৎকাৰ !