Tractor Seized : মাণিকপুৰত শিলভৰ্তি ট্ৰেক্টৰ আৰু মালবাহী টাটা মেজিক জব্দ - মালবাহী টাটা মেজিক জব্দ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-08-2023/640-480-19319562-thumbnail-16x9-bbb.jpg)
বঙাইগাঁও, 21 আগষ্ট : বঙাইগাওঁ জিলাৰ মাণিকপুৰ বন উপ-সংমণ্ডলৰ অধীনস্থ ঝাউবাৰীৰ পৰা সোমবাৰে অভয়াপুৰী বনবিভাগৰ এটি দলে অভিযান চলাই এখন শিলভৰ্তি ট্ৰেক্টৰ আৰু এখন শিলভৰ্তি মালবাহী টাটা মেজিক জব্দ কৰিবলৈ সক্ষম হয় ৷ বাহন দুখন সৰভোগৰ জামাদ্দাৰবুৰিৰ পৰা শিলভৰ্তি কৰি আহি থকা অৱস্থাত মাণিকপুৰৰ ঝাউবাৰীত অভয়াপুৰী বনবিভাগে জব্দ কৰে ৷ জব্দকৃত গাড়ী দুখন মাণিকপুৰ বন উপ-সংমণ্ডলৰ কাৰ্যালয়ত লৈ আহে ৷
শিলভৰ্তি মালবাহী টাটা মেজিক খনৰ নম্বৰ AS 15 AC 6529 আৰু ট্ৰেক্টৰখনৰ নম্বৰ AS 15 AC 4538 ৷ এই সংন্দৰ্ভত বিভাগীয় ভাবে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে এনে ধৰণৰ শিল-বালি কঢ়িওৱা শ শ গাড়ী দিনে-নিশাই চলি থাকে অঞ্চলটোত ৷ চৰকাৰক হাজাৰ হাজাৰ টকাৰ কৰ ফাঁকি দি দুষ্ট চক্ৰই ৰমৰমীয়া ব্যৱসায় চলাই আছিল ৷
লগতে পঢ়ক : ধোঁৱাচাঙত ড্ৰাগছ; আৰক্ষীৰ জালত সৰবৰাহকাৰী