Kaziranga National Park: মনোৰম কাজিৰঙাত মাজে মাজে কিয় শংকা আহে দৰ্শনাৰ্থীৰ প্ৰতি ! - হাতীৰ চোঁচা দৰ্শনাৰ্থীৰ বাহনলৈ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17428180-thumbnail-3x2-iudfj.jpg)
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ ভিৰ (Kaziranga National Park) ৷ বন্যপ্ৰাণীৰ মনোমোহা দৃশ্য উপভোগ কৰি উৎফুল্লিত দৰ্শনাৰ্থী ৷ কিন্তু ইয়াৰ মাজতে দৰ্শনাৰ্থীয়ে বহু সময়ত সন্মুখীন হ’বলগীয়া কিছু শিহৰণকাৰী অভিজ্ঞতাৰো ৷ শেহতীয়াকৈ বন্যপ্ৰাণীৰ তেনে এক শিহৰণকাৰী দৃশ্য বন্দী হৈছে দৰ্শনাৰ্থী, জীপচী চালক আৰু গাইডৰ কেমেৰাত ৷ এই দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমা অন্তৰ্গত বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ । হঠাৎ গঁড় আৰু হাতীৰ চোঁচা দৰ্শনাৰ্থীৰ বাহনলৈ । পিচে-পিচে গঁড়, পিচে-পিচে হাতী, দ্ৰুতগতিত পলায়ন জীপ চাফাৰীৰ বাহন । দৰ্শনাৰ্থীয়ে অনুভৱ কৰিলে এক শিহৰণকাৰী অভিজ্ঞতা । পৰ্যটক অহা-যোৱা কৰা বাটত বহু সময় ধৰি ৰৈ থাকিল গঁড় । ইফালে প্ৰকাণ্ড দঁতাল হাতীৰ মুকলি বিচৰণ উদ্যানখনত । এজাক হৰিণাৰ মনোমোহা দৃশ্য । তাৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দৰ্শনাৰ্থীৰ সোঁত । এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত হৈছে ঢেকীয়াপতীয়া বাঘ । বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত সঘনেই ঢেকীয়পতীয়া বাঘ দেখিবলৈ পোৱা গৈছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST